শীতৰ কবিতা :
ৰহঢলাৰ সীমনাৰ বাঁহনিডৰাৰ আঁৰত
উদয়োন্মুখ মাঘী পূৰ্ণিমাৰ জোন,
যাওঁ বুলি আঘোণে আখটি কৰি
গুচি যায় উকচকচাই।
এথানি-এবানিকৈ এৰি যায়
আৰণি-পুৰণি জুহালৰ বতৰ।
সিৰিক্ সিৰিক কৈ ক'ৰ পৰা নামে
জাৰৰ আবৰী নিশা----
চুই নিদিবা
তোমাৰ হীমচেচাঁ হাতেৰে
মোৰ প্ৰেয়সীৰ আৰক্ত দুগাল।
-------------------------
লোচন মণি গগৈ
১০-১২-১৭
---------------------
কবিতা :
ন'চাউল
=======
ন' চাউল শাওনৰ ভুকীয়া পেটৰ
এগৰাহ তেলিদৈ ভাত,
প্ৰাপ্তিৰ চেনেহী মাত।
চুবুৰিটো মহমহাই থাকে
জহা-বৰা গোন্ধে -
নঙলা খুলি সোমাই আহে
উদঙীয়া উপকথাৰ বতৰ,
গুণগুণাই থাকে চ'ৰাঘৰ।
অকিঞ্চন ৰাতিবোৰ পাহৰাই
আঘোণে দিয়ে অকুল বিশ্বাস,
তুমি ন' কৈ সজালা
তোমাৰ আখল।
----------------------
লোচন মণি গগৈ
০৯-১২-১৭
Comments
Post a Comment