কবিতা: বহাগৰ ৰিং : ----------------- উতনুৱা উকিটো মাৰি ৰৈ আছেহি বহাগ ৰিংটোৰ বাটত। এইহেন দিনত খিত্খিতাই থাকে তোৰ হাজাৰ পকোৱা বনচোমৰ শাল। গৰকা দুডাল তোৰ কলাফুল দুটাৰ মৰমত মৰে , মাকোটো মৰে পাজিসেৰিয়া আঙুলিৰ পিয়াহত। তোক দেখি নঙলা খুলি সোমাওঁ সোমাওঁ কৰে বৰ তগৰৰ চিকুণ চিকুণ গোন্ধ। জানো জানো চৰাইজনী হৈ তই ক ' ত ক ' ত চ ' লাথ কৰ কেতেকী ফুলৰ কল খাপ দি ধৰিম তোক। -----------------------------
Posts
Showing posts from February, 2018