আমাৰ গাৱঁৰ নামঘৰ : নামঘৰ আমাৰ অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ এক অপৰিহাৰ্য তথা গুৰুত্বপূৰ্ণ অংগ। নামঘৰ সমুহ আমাৰ জাতীয় সমন্বয়ৰ প্ৰতীক , সংস্কৃতিৰ আকৰ আৰু থলুৱা স্থাপত্যবিদ্যাৰ এক অভিনৱ সংযোজন। নামঘৰৰ জনক শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰি অসমৰ সমাজ জীৱন আধ্যাত্মিক ভাবে টনকিয়াল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। নামঘৰে এখন গাঁৱৰ সামুহিক ভেটি গঢ়ি তোলে। আমাৰ সমাজ খনক সুস্থ ৰূপে , সুপৰিকল্পিত ভাবে পৰিচালনা কৰাত নামঘৰ সমুহে আজিলৈকে যি অৱদান আগবঢ়াই আহিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। নামঘৰে আমাৰ অসমীয়া সমাজ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু আগলৈও কৰি থাকিব। বৰ্তমান সময়ত আমাৰ অসমৰ কেইটামান বিখ্যাত নামঘৰ যেনে আঠখেলীয়া , ঢেকীয়াখোৱা , মইনাপৰীয়া নামঘৰ আদিৰ বাদে গাঁৱৰ বা নগৰৰ প্ৰায়বোৰ নামঘৰেই যেন এৰাপৰলীয়া হৈ পৰিছে , বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে নামঘৰবোৰত। বছেৰেকত মাত্ৰ দুই তিনিটা অনুস্থান যেনে - বৰসবাহ , ...