নামঘৰ


আমাৰ গাৱঁৰ নামঘৰ :

নামঘৰ আমাৰ অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ এক অপৰিহাৰ্য তথা গুৰুত্বপূৰ্ণ অংগ।

নামঘৰ সমুহ আমাৰ জাতীয় সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ আকৰ আৰু থলুৱা স্থাপত্যবিদ্যাৰ এক

অভিনৱ সংযোজন। নামঘৰৰ জনক শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰি অসমৰ

সমাজ জীৱন আধ্যাত্মিক ভাবে টনকিয়াল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। নামঘৰে এখন গাঁৱৰ

সামুহিক ভেটি গঢ়ি তোলে।  আমাৰ সমাজ খনক সুস্থ ৰূপে, সুপৰিকল্পিত ভাবে পৰিচালনা

কৰাত নামঘৰ সমুহে আজিলৈকে যি অৱদান আগবঢ়াই আহিছে তাক কোনেও অস্বীকাৰ কৰিব

নোৱাৰে। নামঘৰে আমাৰ অসমীয়া সমাজ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু

আগলৈও কৰি থাকিব।

বৰ্তমান সময়ত আমাৰ অসমৰ কেইটামান বিখ্যাত নামঘৰ যেনে আঠখেলীয়া,

ঢেকীয়াখোৱা, মইনাপৰীয়া নামঘৰ আদিৰ বাদে গাঁৱৰ বা নগৰৰ প্ৰায়বোৰ নামঘৰেই যেন

এৰাপৰলীয়া হৈ পৰিছে, বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে নামঘৰবোৰত। বছেৰেকত মাত্ৰ দুই

তিনিটা অনুস্থান যেনে - বৰসবাহ, কৃষ্ণ জন্মাষ্টমী, গুৰুজনাৰ তিথি আদি পাতিয়েই ৰাইজে

নামমাত্ৰ দায়িত্ব পালন কৰে। এখন গাঁৱৰ প্ৰায় মধ্যস্থলত থকা বৃহৎ কলেৱৰৰ এই নামঘৰ

অনুস্থানটিৰ যোগেদি আমি যিমানখিনি অৱদান আমাৰ সমাজ জীৱনলৈ আগবঢ়াব পাৰো সেয়া

যেন পৰা নাই। বৰ্তমান সময়ত দেখা দিয়া যুৱ উশৃংখলতাৰ মূল কাৰণ হৈছে পাৰিবাৰিক আৰু

সামাজিক অনুশাসনহীনতা। এই সম্ভাৱনাময় যুৱশক্তিক দায়িত্বপূণ ভাবে আমাৰ নামঘৰ সমুহৰ

জৰিয়তে সুচাৰুৰূপে পৰিচালিত কৰি সঠিক দিকদৰ্শন দিলে আমাৰ ক্ৰমস্খলনমান সমাজ খন

থান থিত লগাব পৰা যায় নগৰীয়া বা লাগি আমাৰ গ্ৰাম্যাঞ্চলটো দেখা দিয়া অধিক আধুনিক

শ্ৰেণীয়ে নামঘৰৰ প্ৰতি এতিয়া অনীহা দেখুৱায়। গাঁৱৰ নামমাত্ৰ কেইজনমান লোকৰ বাবেহে

নামঘৰ সমুহ আজিও জীয়াই থকা যেন লাগে।

যুব-প্ৰজন্মৰ মাজত নামঘৰৰ প্ৰতি আকৰ্ষণহীনতাৰ কাৰণবোৰ ফঁহিয়াই চোৱাৰ সময়

সমাগত। আধুনিক সমাজ খনৰ লগত খাপ খাব পৰাকৈ আমাৰ যুব চামক নামঘৰে বাট দেখুৱাব

পাৰে। গাঁৱৰ তথা অঞ্চলটোৰ সাংস্কৃতিক উত্তৰণৰ হকে নামঘৰ সমুহত তেনে কাৰ্য্যসূচীৰ চৰ্চা

তথা আঁচনি হাতত লৈ আমাৰ গাঁৱৰ বৰমূৰীয়া সকলে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব পাৰে।

আজিৰ যুব চামৰ মাজত নামঘৰৰ আকৰ্ষণ বঢ়াবলৈ নামঘৰত নিয়মীয়াকৈ ভাওনা চৰ্চা, কীৰ্ত্তন-

ভাগৱত, গীতা, পুৰাণসমুহ, বৰগীত, লোকগীত, নাগাৰা নাম, থিয় নাম, দিহা নাম, প্ৰসংগীয়ানাম,

আই নাম আদিৰ কৰ্মশালা তথা অনুশীলন  নামঘৰ সমুহতে কৰিব পৰা যায়। এইবোৰ কাৰ্য্যসূচীত

গাঁৱৰ যুবক - যুবতী সকলক প্ৰত্যক্ষভাৱে জড়িত কৰোৱাব লাগে যাতে তেওঁলোকে এইবোৰৰ চৰ্চা

তথা অনুশীলনৰ দ্বাৰা নিজৰ ব্যক্তিত্বৰ উন্নতি ঘটাব পাৰে, এয়া হলেই তেওঁলোকে অন্যান্য

অসামাজিক চিন্তাবোৰ বাদ দি সমাজ গঠনৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিব। গাঁৱৰ যুবক যুৱতী

সকলক এনেবোৰ সাংস্কৃতিক কাৰ্যসূচীৰ বাবে আগবঢ়াই নিবলৈ নামঘৰৰ বাদে উপযুক্ত মঞ্চ

আছে বুলি মই নাভাবো। মুঠতে কবলৈ গলে আমি সদায় দেখি থকা নামঘৰটিৰ যোগেদি আমাৰ


ক্ষয়িষ্ণু সমাজ খন ধৰি ৰখা সম্ভৱ, দৰকাৰ মাথো এক বহল মনৰ।

Comments