Posts

Showing posts from December, 2017

Runs Sketch published in The Assam Tribune -Sketch of the Week

Image

মাটি

মাটি : উপজি পুৱাতে মাটিত পৰাৰ দুখ - মাটিৰ পুতলা তই ,  মাটিত নাভাগ সোণ।   কেতিয়াবা চিকাৰী চিলাই   থপিয়াই নিয়ে মাটিৰ সপোন।   মানুহে মাটিৰ পৰাই আকাশ চোৱে   আৰু সপোনৰ শেষত   মাটিলৈ নামে ,  উৰণীয়া হাইঠাও মাটিত পৰে।   মাটি মানুহৰ অন্তিম ইচ্ছা   মানুহৰ অনন্ত শয়ন।   ---------------------------- লোচন মণি গগৈ  

আৰণ্যক

কবিতা- আৰণ্যক : আৰণ্যজ সপোন এটাই মোক আবৰি ৰাখে অহৰহ অনাদি কালতে এৰি অহা আমাৰ আদিম অৰণ্যৰ জাৰণীয়া সময় , বনফুলৰ সুগন্ধি বিচাৰি বিচাৰি মই চলাথ কৰো ইখনৰ পাছত সিখনকৈ গাঁও। পঞ্চবটীৰ আকুল ছাঁত ৰৈ মই যেন বিচাৰিম মায়াময় জীৱনৰ অৰিষ্ট । ---------------------------

গাঁৱৰ সৰু বৰ পুখুৰীবোৰ

Image

শীত কালৰ ফুলবোৰ by Rupjyoti published in Amar asom on 24th dec 2017

Image
কবিতা -  সোমৰণ ------------- কুৱঁলিৰ এৰিয়া খন কাতি কৰি সূৰ্য কামনাৰত গছবোৰ নিয়ৰত সদ্য স্নাতা উদাস শীৰ্ণ নৰাবোৰ ইনাই বিনাই ৰ ' দ চিঞঁৰা   জিলীজনীৰ কাতৰে ছাঁ - পোহৰৰ জলঙাইদি মোক লৈ যায় ক ' ৰ পৰা কলৈ ; টটা - টিঙা এটা দুটা ৰঙা জিঁঞা ,  পুঙাটোৰে খেলি থাকে সোঁৱনডৰিকণাৰ জাক । কঠ বনৰ আঁৰত দেওডঁৰিকটো   দ ' ক লাগি ৰয়।   কোঁ - কোঁৱাই গুচি যোৱা দুপৰটোৱে   পানী - জুঁৱলিত চিলনী সাঁতোৰে   ভাটিয়ালী সুৰ এটা নাওঁ মেলি গুচি যায়   মই চৰগ পৰো।   ---------------------- লোচন মণি , গগৈ   ২০ - ১২ - ১৭

Antabikhyas Art published in The Assam Tribune

Image

Durabikhyas Poem in The Assam Tribune

Image

ৰূপজ্যোতিৰ কবিতা

Image

ৰূপজ্যোতিৰ কবিতা

Image
শীতৰ কবিতা : ৰহঢলাৰ সীমনাৰ বাঁহনিডৰাৰ আঁৰত উদয়োন্মুখ মাঘী পূৰ্ণিমাৰ জোন , যাওঁ বুলি আঘোণে আখটি কৰি গুচি যায় উকচকচাই। এথানি - এবানিকৈ এৰি যায় আৰণি - পুৰণি জুহালৰ বতৰ। সিৰিক্ সিৰিক কৈ ক ' ৰ পৰা নামে জাৰৰ আবৰী নিশা ---- চুই নিদিবা   তোমাৰ হীমচেচাঁ হাতেৰে   মোৰ প্ৰেয়সীৰ আৰক্ত দুগাল।   ------------------------- লোচন মণি   গগৈ   ১০ - ১২ - ১৭ --------------------- কবিতা : ন ' চাউল   ======= ন ' চাউল শাওনৰ ভুকীয়া পেটৰ এগৰাহ তেলিদৈ ভাত ,  প্ৰাপ্তিৰ চেনেহী মাত।   চুবুৰিটো মহমহাই থাকে জহা - বৰা গোন্ধে - নঙলা খুলি সোমাই আহে উদঙীয়া উপকথাৰ বতৰ , গুণগুণাই থাকে চ ' ৰাঘৰ।   অকিঞ্চন ৰাতিবোৰ পাহৰাই   আঘোণে দিয়ে অকুল বিশ্বাস ,  তুমি ন ' কৈ সজালা তোমাৰ আখল।   ---------------------- লোচন মণি গগৈ   ০৯ - ১২ - ১৭